অসমীয়া নাম= নেখন টেঙা বা চেপেটী টেঙা ।
জনজাতীয় নাম= চুমাক বেৰি ।
বৈজ্ঞানিক নাম= Rhus chinensis.
গোত্ৰ= Anacardiaceae.
বিবৰণ= জোপোহা গুল্মজাতীয় ৬ ৰ পৰা ৭ মিটাৰ উচ্চতালৈ হোৱা এবিধ ঔষধী গছ ।
ঔষধী গুণ= পৰম্পৰাগত ঔষধ হিচাপে এই গছৰ বিভিন্ন অংশ যেনে, শিপা, বাকলি, কাণ্ড, পাত, ফল, ফুল, বীজ সকলোবোৰ ব্যৱহাৰ হৈ আহিছে ।
কাহ, ডিচেণ্ট্ৰি, জ্বৰ, জণ্ডিচ, মেলেৰিয়া আৰু বাতবিষৰ চিকিৎসাত এই গছৰ বীজ ব্যৱহাৰ কৰা হয়। এই উদ্ভিদৰ পকা ফলবোৰ উত্তৰ-পূৰ্বাঞ্চলকে ধৰি এছিয়াৰ কিছুমান ৰাষ্ট্ৰত দীৰ্ঘদিন ধৰি ডিচেণ্ট্ৰি আৰু ডায়েৰিয়াৰ লগতে অন্যান্য গেষ্ট্ৰাইটিছ বিকাৰৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে । ইয়াৰ উপৰিও মলদ্বাৰ আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ চিকিৎসাতো ব্যৱহাৰ হয় ।
পাত আৰু শিপাৰ লেপ ৰক্তক্ষৰণ, ফুহা, গাত ৰঙা পৰা, জুইয়ে পুৰা, লেৰিংজাইটিছ, সাপৰ কামোৰ, পেটৰ বিষ আৰু আঘাতজনিত হাড়ভঙাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।
গুটি পানীৰ লগত সিজালে টেঙা ৰস উৎপন্ন হয়, এই ৰস পানী মিহলাই পাতল কৰি বা তাৰ লগত কেঁচা কণী মিহলাই ডায়েৰিয়া আৰু ডিচেণ্ট্ৰিৰ চিকিৎসা কৰা হয় । লগতে এই গাঢ় পানীয় খাদ্য সংৰক্ষক হিচাপেও ব্যৱহাৰ কৰা হয় ।
শেষতিয়াকৈ উত্তৰ-পূব ভাৰতৰ মণিপুৰৰ ইম্ফলত বহু কৃষকে বহলভাৱে ইয়াক ৰোপন কৰি বীজ উৎপাদন কৰিছে, আৰু এই বীজ কিছুমান কৃষকে সংগ্ৰহ কৰি চাহৰ লগত সংমিশ্ৰণ কৰি "চুমাক বেৰি টী" হিচাপে বজাৰত বিক্ৰী কৰাৰ লগতে বিদেশতো আদৰ পাবলৈ সক্ষম হৈছে । এই প্ৰিমিয়াম বিৰল চাহৰ ইনফিউচনত, টেংগি আৰু সতেজ ছাইট্ৰাচি সোৱাদৰ বাবে গৰম আৰু ঠাণ্ডা দুয়োটা অনুভৱ উপভোগ কৰিব পাৰি ।
No comments:
Post a Comment