Saturday, November 19, 2022

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

 


অসমীয়া নাম - আমলখি / আমলা

ইংৰাজী নাম - Indian gooseberry

বৈজ্ঞানিক নাম - Phyllanthus emblica


  বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত আয়ুৰ্বেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঔষধি হৈছে আমলখি । এই উদ্ভিদৰ বিভিন্ন অংশৰ দ্বাৰা চিকিৎসা কৰা হয় যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ইয়াৰ ফল । এই উদ্ভিদৰ উচ্চতা পৰাই ৩০-৪০ ফুট ওখ হয় । ইয়াৰ পাত যৌগিক আকাৰৰ একেবাৰে সৰু । এই ফলৰ সোৱাদ কেঁহা হয় যদিও পুৰঠ হলে তাৰ কেঁহা সোৱাদ অলপ কম হোৱা দেখা যায় ।

  ঔষধি গুণ:-

 ১/ ৫ টা শুকান আমলখি পিহি গুড়ি কৰি কলা নিমখৰ লগত মিহলাই ঠাণ্ডা পানীৰ লগত খালে অতি কম সময়তে পেটচলা বা ডায়েৰীয়া ভাল হয় ।

 ২/ আমলখি ৰসৰ লগত মৌ মিহলাই খালে এচিডিটি ভাল হয় ।

 ৩/ আমলখি ৰস ৪ চামুচ, মাটি কঁঠালৰ ৰস ৪ চামুচ আৰু মৌ ২ চামুচ মিহলাই ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত খালে অর্জিণ ৰোগ নাশ হয় ।

 ৪/ আম, জামুক আৰু আমলখিৰ পাতৰ ৰস সম পৰিমাণ (১০০ মিঃলিঃ) লৈ মৌ আৰু ছাগলী গাখীৰৰ লগত খালে তেজ গ্ৰহণী বা ডিচেণ্টাৰী ভাল হয় ।

 ৫/ দুই চামুচ আমলখি ৰসত দুই চামুচ মৌ মিহলাই প্ৰায় ৩০ দিন ৰাতিপুৱা খালে পাকস্থলীৰ ঘাঁ ( gastric ulcer) ভাল হয় ।

 ৬/ দুই চামুচ আমলখি ৰসৰ লগত আধা চামুচ চেনী মিহলাই খালে তৎক্ষণাত বমি বন্ধ হয় ।

 ৭/ আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমাণে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই পানীৰে মূৰ ধুলে উকণি নাইকিয়া হয় ।

 ৮/ আমলখিৰ ৰস ২০ গ্ৰামত অলপ চেনী মিহলাই খালে খজুৱতি ৰোগ ভাল হোৱাৰ লগতে ৰক্তপিত্ত ৰোগৰ পৰাও আৰাম পোৱা যায় ।

 ৯/ আধা কাপ আমলখিৰ ৰস ২ চামুচ মৌ আৰু চাৰি ভাগৰ এভাগ পানী (১/৪) মিহলাই খালে ৰক্তিহীনতা ৰোগীয়ে যথেষ্ট আৰাম পায় ।

 ১০/ ৭/৮ তা আমলখি খুন্দি তাৰ লগত মিচিৰিৰ সৈতে খালে উচ্চ ৰক্তচাপ স্বাভাৱিক হয় আৰু লগতে স্নায়ৱিক দুৰ্বলতা ( nervous debility) ভাল হয় ।

 ১১/ আমলখিৰ গুটি খুন্দি খালে ব্ৰঙ্কাইটিচ ৰোগ ভাল হয় ।

 ১২/ আমলখিৰ শিপাৰ ৰস দৈনিক ৪ চামুচকৈ ব্যৱহাৰ কৰিলে হাঁপানি ৰোগ ভাল হয় ।

 ১৩/ আমলখি গছত কটাৰীৰে দিন্ধা কৰি তাৰ নিগৰি অহা ৰস ২-৩ টোপাল দিনে ৩ বাৰকৈ চকুত চকুৰে কম দেখা আৰু কুকুৰী কণা ৰোগ ভাল হয় ।

 ১৪/ ৩-৪ টা আমলখি থেতেলিয়াই ৰাতি মূৰত বান্ধি ৰাখি পিছদিনা ধুলে মূৰৰ চুলি সৰা বন্ধ হয় । তুলসী পাতৰ ৰসৰ লগত আমলখি থেতেলিয়াই ১৫-২০ মিনিট মূৰত ঘঁহিলেও চুলি সৰা বন্ধ হয় ।

 ১৫/ কেঁচা আমলখি তিনিটা ভালদৰে ধুই খুন্দি যোনিত প্ৰলেপ দিলে ৰক্তস্ৰাৱ বন্ধ হয় ।

 ১৬/ আমলখি ৰসৰ লগত মৌ মিহলাই কিছুদিন খালে ধাতু দুৰ্বলতাৰ পৰা আৰাম পোৱা যায় ।


No comments:

Post a Comment

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

  অসমীয়া নাম - আমলখি / আমলা ইংৰাজী নাম - Indian gooseberry বৈজ্ঞানিক নাম - Phyllanthus emblica   বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ...