Saturday, October 15, 2022

Plants of Asaam | অসমৰ উদ্ভিদ | Apsaragus | শতমূল | Medicinal plants of Assam


 


 অসমীয়া নাম - শতমূল 

 ইংৰাজী নাম - Asparagus

 বৈজ্ঞানিক নাম- Asparagus racemosus, 


  শতমূল এবিধ কাঁইটীয়া লতাজাতীয় গছ । বাৰিষা কালত উপজি খৰালি এইবিধ গছ নিশ্চিহ্ন হৈ মৰি যায় । কিন্তু শিপা সজীৱ হৈ থাকে বাবে বাৰিষা আকৌ লহপহকৈ বাঢ়ি আহে । দৰবৰ বাবে ইয়াক ঘৰৰ চৌহদত ৰোপন কৰি সংৰক্ষণ কৰা হয় । ইয়াৰ শিপা ৰসাল আৰু মঙহাল। শিপাৰ ৰস মিঠা আৰু তিতা সোৱাদ যুক্ত ।

 ঔষধী গুণ সমূহ-

  কেনচাৰৰ বাবে শতমূলঃ শতমূলৰ বিভিন্ন পোষক তত্বৰ ভিতৰত গ্লুটাথিওন (glutathione)অন্যতম । শতমূলৰ পৰ্যাপ্ত গ্লুটাথিওন এবিধ ডিটক্সিফাইং (detoxifying)যৌগ যি কেনচাৰ কোষ মাৰিব পাৰে ।গ্লুটাথিওনে আমাৰ প্ৰতিৰক্ষা শক্তি (immunity power) বৃদ্ধি কৰে । শতমূলত আহাৰ্য ফলেট যথেষ্ট থাকে । যাৰ সেৱনে অন্ত্ৰ (colon), পেট, অগ্নাশয় (pancreatic) আৰু গ্ৰীবা (carvical) কেনচাৰ প্ৰতিৰোধ কৰে । মহিলা সকলৰ আহাৰত পৰ্যাপ্ত ফলেট নাথাকিলে স্তন কেনচাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে । দৈনিক শতমূল সেৱন কৰি কেনচাৰ প্ৰতিৰোধ কৰিব পাৰি।

  ডাইবেটিচঃ শতমূল ৰক্ত শৰ্কৰা কম কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি । শতমূল টাইপ-২ ডাইবেটিচ নিয়ন্ত্ৰনত সহায় কৰে । শতমূলত ক্ৰমিয়াম খনিজ থাকে।যি তেজৰ শৰ্কৰা নিয়ন্ত্ৰনত সহায় কৰে । উচ্চৰক্তচাপ ৰোগীৰ বাবে শতমূল সেৱন লাভ দায়ক ।

  অৱসাদ বা ডিপ্ৰেচনঃ আজিকালি বহুলোকেই অৱসাদ আৰু মানসিক ৰোগত ভোগা দেখা যায় ।মস্তিষ্কত হোমোচাইস্টিন (Homocystein) বৃদ্ধি পালে এনে উপসৰ্গ বোৰ শৃস্টি হয় । শতমূলত থকা ফলেটে হোমোচাইস্টিনৰ উৎপত্তি নিয়ন্ৰন কৰি অৱসাদ কম কৰে । হোমোচাইস্টিনে ৰক্ত আৰু আন জৰুৰী তত্ব সমূহক মস্তিষ্কত যোৱাত অৱৰোধ শৃস্টি কৰে । যাৰ ফলত চেৰোটোনিড, ডোপামাইন, নোৰেপিনেফ্ৰাইন আদি ভাল হৰমনৰ উৎপাদন কমি যায় । যি বোৰ হৰমনে মুড, নিদ্ৰা, ক্ষুধা আৰু হোমোচাইস্টিন আদিক নিয়ন্ত্ৰন কৰে । শতমূল সেৱন কৰিলে এই সকলোবোৰ সমস্যাৰ সম্ভাৱনা কমি যায় । শতমূল সুস্থ মস্তিষ্কৰ বাবে লাভজনক ।

  হৃদ স্বাস্থ্যঃ হৃদয় সুস্থ ৰাখিবলৈ শতমূল সেৱন কৰিব লাগে । ই হৃদয়ৰ কেইবাটাও বিকাৰ দূৰ কৰিবলৈ সক্ষম । শতমূলত ভিটামিন বি প্ৰচুৰ পৰিমানে থাকে । যি হোমোচিস্টিন নিয়ন্ত্ৰন কৰে । হিমোচিস্টিন নিৰ্দিষ্ট মাত্ৰাতকৈ বেছি হলে ৰক্তবাহিকা সমূহৰ ক্ষতি সাধন কৰে । মাত্ৰাধিক হোমোচিস্টিনে হৃদযন্ত্ৰৰ সমস্যা শৃষ্টি কৰিব পাৰে আৰু কৰনেৰী ধমনী (coronary artery) ৰোগৰ কাৰন হব পাৰে । শতমূলে এইবোৰ সমস্যা দূৰ কৰে।

  পাচনঃ শতমূল পৌষ্টিক হোৱাৰ উপৰিও পাচন ক্ৰিয়া শক্তিশালী কৰাত সহায় কৰে । শতমূলত থকা ইন্যুলিন (inulin) একপ্ৰকাৰৰ কাৰ্বহাইড্ৰেট । যি আমাৰ পেটত থকা বন্ধু বেক্টেৰীয়া লেক্টোবেচিলৰ পোষণ কৰে ।শতমূলে অন্ত্ৰ আৰু পাকস্থলীৰ কাৰ্যক্ষমতা বঢ়োৱাৰ কাম কৰে । শতমূল সেৱন কৰিলে পেটফুলা, কোষ্ঠকাঠিন্য দূৰ হয় । ইয়াৰ পৰ্যাপ্ত ফাইবাৰে পাচন উন্নত আৰু সঠিক কৰে ।

  মুত্ৰ সম্বন্ধীয় ৰোগঃ মুত্ৰৰোগ আৰু মুত্ৰ অংগৰ সমস্যা থাকিলে নিয়মিত শতমূল খাব লাগে । শতমূলত থকা এমিন এচিড প্ৰাকৃতিক মুত্ৰ বৰ্ধক । ইয়াৰ সেৱনে মুত্ৰপথৰ সংক্ৰমন দূৰ কৰে । 

  গৰ্ভাৱস্থাত শতমূলঃ গৰ্ভাৱস্থাত হোৱা সংক্ৰমনে গৰ্ভস্থ ভ্ৰুণো সংক্ৰমিত কৰিব পাৰে । স্বাস্থ্যৱান সন্তান জন্ম দিবলৈ মাতৃ গৰাকী সুস্থ থকা প্ৰয়োজন । গৰ্ভৱতী মাতৃক নিয়মিত শতমূল সেৱন কৰাব লাগে । শতমূলৰ এন্টিঅক্সিডেন্টে মহিলা গৰাকীক   সাম্ভাব্য সংক্ৰমনৰ পৰা ৰক্ষা কৰে । শতমূলৰ ফলেটে তন্ত্ৰিকা নলী সুস্থ ৰাখে । ফলেট, ভিটামিন বি-১২ আৰু ভিটামিন চিৰ লগত মিলি নতুন প্ৰটীণ শৃষ্টিত সহায় কৰে । লগতে ফলেটে হিমগ্লবিন আৰু ডি এন এ ৰো আংশিক উৎপাদন কৰে। সেয়ে গৰ্ভৱতী মহিলাৰ বাবে শতমূল লাভদায়ক ।

  ওজন কমোৱাঃ শতমূলত ফেট আৰু কেলৰি অতি কম মাত্ৰাত থাকেবা। লগতে প্ৰচুৰ দ্ৰৱনীয় আৰু অদ্ৰৱনীয় ফাইবাৰ মজুত থাকে । শৰীৰৰ ওজন কমাব খুজিলে শতমূল সেৱন কৰিব লাগে । ই কলেস্টৰেল কমায় ।

  এন্টি অক্সিডেন্টঃ শতমূলত প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে । ইয়াত এন্থোকাইনিন (anthocynin) অধিক মাত্ৰাত থাকে । এই এন্থোকাইনিন এন্টিঅক্সিডেন্টে আমাৰ শৰীৰক সংক্ৰমনৰ পৰা ৰক্ষা কৰে আৰু শৰীৰৰ সংক্ৰমন প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

  বাৰ্ধক্য প্ৰতিৰোধঃ শতমূলৰ গ্লুটাথিওন এন্টিঅক্সিডেন্টে বাৰ্ধক্য প্ৰতিৰোধ কৰে । শতমূলৰ ফলেট আৰু ভিটামিন বি-১২ এও বাৰ্ধক্য প্ৰতিৰোধ বা বিলম্বিত কৰে ।

  চৰ্ম স্বাস্থ্যঃ ছাল স্বস্থ্য আৰু উজ্জল কৰিবলৈ নিয়মিত শতমূল খাওক । ইয়াৰ গ্লুটাথিওনে সূৰ্যৰ প্ৰভাৱ আৰু প্ৰদূষণৰ পৰা ছালক সুৰক্ষা দিয়ে । ইয়াৰ সেৱনে ছালৰ আৰ্দ্ৰতা অক্ষুন্ন ৰাখে । ছালৰ দাগ কম কৰাত সহায় কৰে ।

  বৃক্ক পাথৰিঃ শতমূল প্ৰাকৃতিক মুত্ৰ বৰ্ধক । ই আমাৰ শৰীৰৰ পৰা অপ্ৰয়োজনীয় লবন আৰু হানিকাৰক তৰল পদাৰ্থ পেচাবৰ দ্বাৰা নিৰ্গমন কৰায় । যি এডিমা আৰু উচ্চৰক্তচাপ ৰোগীৰ বাবেও লাভদায়ক । লগতে ই বৃক্কত সঞ্চিত হোৱা হানিকাৰক পদাৰ্থ সমূহৰ নিষ্কাষণত সহায় কৰে । এই দৰে বৃক্কপাথৰি ৰোগীৰ উপচাৰৰ বাবে শতমূল লাভদায়ক ।

শতমূল উচ্চমানৰ ফলিক এচিড আৰু পটাচিয়ামৰ উৎস । ইয়াত ডায়েট্ৰি ফাইবাৰ, ভিটামিন এ, চি, ডি, বি৬, বি১২, চডিয়াম, কেলচিয়াম, মেগনেচিয়াম, কাৰ্বহাইড্ৰেট, শৰ্কৰা, আইৰণ,প্ৰটীন পোৱা যায় । 

ইয়াৰ উপৰিও শতমূলে এচিডিটি, শাৰিৰীক দুৰ্বলতা, বিষ, ডাইৰীয়া, গ্ৰহনী আৰু শৰীৰৰ প্ৰদাহ দূৰ কৰে । পাইল্চ আৰু টিউমাৰ নিৰাময় কৰে । দৃষ্টি শক্তি ভালে ৰাখে আৰু তেজৰ যিকোনো সমস্যা নিৰাময় কৰে । স্নায়ু সবল ৰাখে । শতমূল লিভাৰ , কিডনী আৰু গনোৰীয়া ৰোগ উপশম কাৰী । হজম শক্তি বঢ়ায় । ঋতুস্ৰাৱ আৰু জৰায়ূৰ অসুস্থতাৰ  বাহিৰেও লিকোৰিয়া বা বগাস্ৰাৱ নিৰাময় কৰে । ই যৌৱন বৃদ্ধি কৰা ধৰি ৰখা ৰসায়ন । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । অনিদ্ৰা দূৰ কৰে । প্ৰসুতিৰ গাখীৰ নোহোৱা হলে ই গাখীৰ বৃদ্ধি কৰে ।

No comments:

Post a Comment

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

  অসমীয়া নাম - আমলখি / আমলা ইংৰাজী নাম - Indian gooseberry বৈজ্ঞানিক নাম - Phyllanthus emblica   বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ...