Saturday, November 19, 2022

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

 


অসমীয়া নাম - আমলখি / আমলা

ইংৰাজী নাম - Indian gooseberry

বৈজ্ঞানিক নাম - Phyllanthus emblica


  বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত আয়ুৰ্বেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঔষধি হৈছে আমলখি । এই উদ্ভিদৰ বিভিন্ন অংশৰ দ্বাৰা চিকিৎসা কৰা হয় যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ইয়াৰ ফল । এই উদ্ভিদৰ উচ্চতা পৰাই ৩০-৪০ ফুট ওখ হয় । ইয়াৰ পাত যৌগিক আকাৰৰ একেবাৰে সৰু । এই ফলৰ সোৱাদ কেঁহা হয় যদিও পুৰঠ হলে তাৰ কেঁহা সোৱাদ অলপ কম হোৱা দেখা যায় ।

  ঔষধি গুণ:-

 ১/ ৫ টা শুকান আমলখি পিহি গুড়ি কৰি কলা নিমখৰ লগত মিহলাই ঠাণ্ডা পানীৰ লগত খালে অতি কম সময়তে পেটচলা বা ডায়েৰীয়া ভাল হয় ।

 ২/ আমলখি ৰসৰ লগত মৌ মিহলাই খালে এচিডিটি ভাল হয় ।

 ৩/ আমলখি ৰস ৪ চামুচ, মাটি কঁঠালৰ ৰস ৪ চামুচ আৰু মৌ ২ চামুচ মিহলাই ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত খালে অর্জিণ ৰোগ নাশ হয় ।

 ৪/ আম, জামুক আৰু আমলখিৰ পাতৰ ৰস সম পৰিমাণ (১০০ মিঃলিঃ) লৈ মৌ আৰু ছাগলী গাখীৰৰ লগত খালে তেজ গ্ৰহণী বা ডিচেণ্টাৰী ভাল হয় ।

 ৫/ দুই চামুচ আমলখি ৰসত দুই চামুচ মৌ মিহলাই প্ৰায় ৩০ দিন ৰাতিপুৱা খালে পাকস্থলীৰ ঘাঁ ( gastric ulcer) ভাল হয় ।

 ৬/ দুই চামুচ আমলখি ৰসৰ লগত আধা চামুচ চেনী মিহলাই খালে তৎক্ষণাত বমি বন্ধ হয় ।

 ৭/ আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমাণে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই পানীৰে মূৰ ধুলে উকণি নাইকিয়া হয় ।

 ৮/ আমলখিৰ ৰস ২০ গ্ৰামত অলপ চেনী মিহলাই খালে খজুৱতি ৰোগ ভাল হোৱাৰ লগতে ৰক্তপিত্ত ৰোগৰ পৰাও আৰাম পোৱা যায় ।

 ৯/ আধা কাপ আমলখিৰ ৰস ২ চামুচ মৌ আৰু চাৰি ভাগৰ এভাগ পানী (১/৪) মিহলাই খালে ৰক্তিহীনতা ৰোগীয়ে যথেষ্ট আৰাম পায় ।

 ১০/ ৭/৮ তা আমলখি খুন্দি তাৰ লগত মিচিৰিৰ সৈতে খালে উচ্চ ৰক্তচাপ স্বাভাৱিক হয় আৰু লগতে স্নায়ৱিক দুৰ্বলতা ( nervous debility) ভাল হয় ।

 ১১/ আমলখিৰ গুটি খুন্দি খালে ব্ৰঙ্কাইটিচ ৰোগ ভাল হয় ।

 ১২/ আমলখিৰ শিপাৰ ৰস দৈনিক ৪ চামুচকৈ ব্যৱহাৰ কৰিলে হাঁপানি ৰোগ ভাল হয় ।

 ১৩/ আমলখি গছত কটাৰীৰে দিন্ধা কৰি তাৰ নিগৰি অহা ৰস ২-৩ টোপাল দিনে ৩ বাৰকৈ চকুত চকুৰে কম দেখা আৰু কুকুৰী কণা ৰোগ ভাল হয় ।

 ১৪/ ৩-৪ টা আমলখি থেতেলিয়াই ৰাতি মূৰত বান্ধি ৰাখি পিছদিনা ধুলে মূৰৰ চুলি সৰা বন্ধ হয় । তুলসী পাতৰ ৰসৰ লগত আমলখি থেতেলিয়াই ১৫-২০ মিনিট মূৰত ঘঁহিলেও চুলি সৰা বন্ধ হয় ।

 ১৫/ কেঁচা আমলখি তিনিটা ভালদৰে ধুই খুন্দি যোনিত প্ৰলেপ দিলে ৰক্তস্ৰাৱ বন্ধ হয় ।

 ১৬/ আমলখি ৰসৰ লগত মৌ মিহলাই কিছুদিন খালে ধাতু দুৰ্বলতাৰ পৰা আৰাম পোৱা যায় ।


Thursday, November 17, 2022

Plants of Assam | অসমৰ উদ্ভিদ | Medicinal plants of assam | Sensitive plants | Mimosa pudica | নিলাজী বন বা লাজুকী লতা

 



  নাম - নিলাজী বন বা লাজুকী লতা ।

  ইংৰাজী নাম -  Sensitive plants / Humble plants.

  বৈজ্ঞানিক নাম - Mimosa Pudica.


  বিবৰণ - এই উদ্ভিদ এবিধ কাঁইটীয়া উপজোপা আৰু ইয়াৰ উচ্চতা প্ৰায় ১ ফুট হয় । ইয়াৰ পাত যৌগিক আৰু সৰু সৰু গোলাকাৰ গোলাপী ৱে মেউভ ফুল থাকে । এই উদ্ভিদ প্ৰধানকৈ গ্ৰীষ্মমণ্ডলীত অঞ্চলত প্ৰাকৃতিক ভাবে হয় । বিচিত্ৰ আৰু অতি সংবেদনশীল এই উদ্ভিদ জোপা স্পৰ্শ বা অন্যান্য উদ্দীপনাত দ্ৰুতভাৱে পাতবোৰ জাপ খাই তললৈ নামি যায় । শাৰীৰিক উদ্দীপনা প্ৰতি সঁহাৰি জনোৱাৰ উপৰিও অন্ধকাৰৰ প্ৰতিক্ৰিয়াত পাতবোৰ জাপ খায় তললৈ নামি যায় আৰু পুনৰ দিনৰ পোহৰত খুলি যায় ।


  ঔষধি গুণ -

  ১. পেচাবৰ সমস্যাঃ যদি কাৰোবাৰ ঘনাই পেচাব হৈ থাকে ইয়াৰ পাত পানীৰ লগত পিহি লেপ বনাই নাভীৰ তলত লেপ দিলে বাৰে বাৰে পেচাব লগা সমস্যাৰ আৰাম পাব ।

  ২. তেজ হাগণিত ৩ গ্ৰাম শিপা পটাত পিহি দৈৰ লগত মিহলাই খুৱালে তেজ হাগণি বন্ধ হয় ।

  ৩. চৰ্ম ৰোগ বা ছালৰ সংক্ৰমণত ইয়াৰ পাত পিহি দিনত তিনিবাৰ  লগালে কিছুদিনতে আৰোগ্য হয় ।

  ৪. টনচিল হলে ইয়াৰ পাত পিহি ডিঙিৰ বাহিৰত টনচিল থকা অংশ দুটাত লেপ দিলে আৰোগ্য হয় ।

  ৫. গইটাৰ বা গল উখহা ৰোগত পাত পিহি দিনে দুবাৰ প্ৰলেপ দিলে আৰোগ্য হয় ।

  ৬. ৩/৪ টা ইলাচী, ২ গ্ৰাম লাজুকীৰ শিপা,  ৩ গ্ৰাম শিমলুৰ ছালৰ লগত থেতেলী গুৰি কৰি এগিলাচ গাখীৰত মিহলাই ৰাতি শোৱাৰ আগত খালে নপুংশকতা বা ধ্বজভংগতা ভাল হয় ।

  ৭. ইয়াৰ পঞ্চাঙ্গ অৰ্থাৎ পাত, ফুল, শিপা, ছাল আৰু গুটি ৫ গ্ৰামকৈ লৈ স্টীলৰ বাচনত ৪০০ মি.লি. পানীত কম তাপত সিজাই ১০০ গ্ৰাম ৰৈ গলে চেকি পুৱা খালি পেটত কিছুদিন  খালে যিকোনো ধৰণৰ বৃক্ক ৰোগ আৰোগ্য হয়।

  ৮. ইয়াৰ শিপা আৰু বীজৰ গুৰি ৪ গ্ৰাম এগিলাচ গাখীৰত মিহলাই ৰাতি  একেৰাহে এমাহ খালে বীৰ্য ঘন আৰু বৃদ্ধি হোৱাৰ লগতে পুৰুষ কামনা শক্তি বাঢ়ে ।

  ৯. ইয়াৰ বীজ শুকুৱাই বনোৱা গুৰি দৈনিক ৰাতি ৩ গ্ৰামকৈ এগিলাচ গাখীৰত মিহলাই খালে দূৰ্বলতা নাইকিয়া হৈ শাৰীৰিক শক্তি বাঢ়ে ।

  ১০. কম বয়সতে ৰোগজনীত বা অইন কাৰণত মাইকী মানুহৰ স্তন শিথিল হলে ইয়াৰ শিপা আৰু অশ্বগন্ধাৰ শিপা সমান পৰিমাণে মিহলাই পাতলকৈ পিহি নিতৌ দুবাৰকৈ লেপ দি লাহে লাহে মালিচ কৰিলে শিথিলতা দূৰ হৈ স্তন শুডৌল হয় ।

  ১১. লাজুকীক বহুগুণী উদ্ভিদ বোলে । কটা ঘাঁত পিহি লগালে অতি সোনকালে ঘাঁ নিৰাময় কৰে ।

  ১২. অৰ্শ আৰু ভগন্দৰ ৰোগৰ ঘাঁত এক চামুচ শুকান  পাতৰ পাউডাৰৰ লগত গৰুৰ গাখীৰৰ মাখনেৰে মলম বনাই দিনত তিনি বাৰকৈ লগালে আৰোগ্য হয় ।

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

  অসমীয়া নাম - আমলখি / আমলা ইংৰাজী নাম - Indian gooseberry বৈজ্ঞানিক নাম - Phyllanthus emblica   বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ...