Saturday, November 19, 2022

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

 


অসমীয়া নাম - আমলখি / আমলা

ইংৰাজী নাম - Indian gooseberry

বৈজ্ঞানিক নাম - Phyllanthus emblica


  বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত আয়ুৰ্বেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঔষধি হৈছে আমলখি । এই উদ্ভিদৰ বিভিন্ন অংশৰ দ্বাৰা চিকিৎসা কৰা হয় যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ইয়াৰ ফল । এই উদ্ভিদৰ উচ্চতা পৰাই ৩০-৪০ ফুট ওখ হয় । ইয়াৰ পাত যৌগিক আকাৰৰ একেবাৰে সৰু । এই ফলৰ সোৱাদ কেঁহা হয় যদিও পুৰঠ হলে তাৰ কেঁহা সোৱাদ অলপ কম হোৱা দেখা যায় ।

  ঔষধি গুণ:-

 ১/ ৫ টা শুকান আমলখি পিহি গুড়ি কৰি কলা নিমখৰ লগত মিহলাই ঠাণ্ডা পানীৰ লগত খালে অতি কম সময়তে পেটচলা বা ডায়েৰীয়া ভাল হয় ।

 ২/ আমলখি ৰসৰ লগত মৌ মিহলাই খালে এচিডিটি ভাল হয় ।

 ৩/ আমলখি ৰস ৪ চামুচ, মাটি কঁঠালৰ ৰস ৪ চামুচ আৰু মৌ ২ চামুচ মিহলাই ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত খালে অর্জিণ ৰোগ নাশ হয় ।

 ৪/ আম, জামুক আৰু আমলখিৰ পাতৰ ৰস সম পৰিমাণ (১০০ মিঃলিঃ) লৈ মৌ আৰু ছাগলী গাখীৰৰ লগত খালে তেজ গ্ৰহণী বা ডিচেণ্টাৰী ভাল হয় ।

 ৫/ দুই চামুচ আমলখি ৰসত দুই চামুচ মৌ মিহলাই প্ৰায় ৩০ দিন ৰাতিপুৱা খালে পাকস্থলীৰ ঘাঁ ( gastric ulcer) ভাল হয় ।

 ৬/ দুই চামুচ আমলখি ৰসৰ লগত আধা চামুচ চেনী মিহলাই খালে তৎক্ষণাত বমি বন্ধ হয় ।

 ৭/ আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমাণে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই পানীৰে মূৰ ধুলে উকণি নাইকিয়া হয় ।

 ৮/ আমলখিৰ ৰস ২০ গ্ৰামত অলপ চেনী মিহলাই খালে খজুৱতি ৰোগ ভাল হোৱাৰ লগতে ৰক্তপিত্ত ৰোগৰ পৰাও আৰাম পোৱা যায় ।

 ৯/ আধা কাপ আমলখিৰ ৰস ২ চামুচ মৌ আৰু চাৰি ভাগৰ এভাগ পানী (১/৪) মিহলাই খালে ৰক্তিহীনতা ৰোগীয়ে যথেষ্ট আৰাম পায় ।

 ১০/ ৭/৮ তা আমলখি খুন্দি তাৰ লগত মিচিৰিৰ সৈতে খালে উচ্চ ৰক্তচাপ স্বাভাৱিক হয় আৰু লগতে স্নায়ৱিক দুৰ্বলতা ( nervous debility) ভাল হয় ।

 ১১/ আমলখিৰ গুটি খুন্দি খালে ব্ৰঙ্কাইটিচ ৰোগ ভাল হয় ।

 ১২/ আমলখিৰ শিপাৰ ৰস দৈনিক ৪ চামুচকৈ ব্যৱহাৰ কৰিলে হাঁপানি ৰোগ ভাল হয় ।

 ১৩/ আমলখি গছত কটাৰীৰে দিন্ধা কৰি তাৰ নিগৰি অহা ৰস ২-৩ টোপাল দিনে ৩ বাৰকৈ চকুত চকুৰে কম দেখা আৰু কুকুৰী কণা ৰোগ ভাল হয় ।

 ১৪/ ৩-৪ টা আমলখি থেতেলিয়াই ৰাতি মূৰত বান্ধি ৰাখি পিছদিনা ধুলে মূৰৰ চুলি সৰা বন্ধ হয় । তুলসী পাতৰ ৰসৰ লগত আমলখি থেতেলিয়াই ১৫-২০ মিনিট মূৰত ঘঁহিলেও চুলি সৰা বন্ধ হয় ।

 ১৫/ কেঁচা আমলখি তিনিটা ভালদৰে ধুই খুন্দি যোনিত প্ৰলেপ দিলে ৰক্তস্ৰাৱ বন্ধ হয় ।

 ১৬/ আমলখি ৰসৰ লগত মৌ মিহলাই কিছুদিন খালে ধাতু দুৰ্বলতাৰ পৰা আৰাম পোৱা যায় ।


Thursday, November 17, 2022

Plants of Assam | অসমৰ উদ্ভিদ | Medicinal plants of assam | Sensitive plants | Mimosa pudica | নিলাজী বন বা লাজুকী লতা

 



  নাম - নিলাজী বন বা লাজুকী লতা ।

  ইংৰাজী নাম -  Sensitive plants / Humble plants.

  বৈজ্ঞানিক নাম - Mimosa Pudica.


  বিবৰণ - এই উদ্ভিদ এবিধ কাঁইটীয়া উপজোপা আৰু ইয়াৰ উচ্চতা প্ৰায় ১ ফুট হয় । ইয়াৰ পাত যৌগিক আৰু সৰু সৰু গোলাকাৰ গোলাপী ৱে মেউভ ফুল থাকে । এই উদ্ভিদ প্ৰধানকৈ গ্ৰীষ্মমণ্ডলীত অঞ্চলত প্ৰাকৃতিক ভাবে হয় । বিচিত্ৰ আৰু অতি সংবেদনশীল এই উদ্ভিদ জোপা স্পৰ্শ বা অন্যান্য উদ্দীপনাত দ্ৰুতভাৱে পাতবোৰ জাপ খাই তললৈ নামি যায় । শাৰীৰিক উদ্দীপনা প্ৰতি সঁহাৰি জনোৱাৰ উপৰিও অন্ধকাৰৰ প্ৰতিক্ৰিয়াত পাতবোৰ জাপ খায় তললৈ নামি যায় আৰু পুনৰ দিনৰ পোহৰত খুলি যায় ।


  ঔষধি গুণ -

  ১. পেচাবৰ সমস্যাঃ যদি কাৰোবাৰ ঘনাই পেচাব হৈ থাকে ইয়াৰ পাত পানীৰ লগত পিহি লেপ বনাই নাভীৰ তলত লেপ দিলে বাৰে বাৰে পেচাব লগা সমস্যাৰ আৰাম পাব ।

  ২. তেজ হাগণিত ৩ গ্ৰাম শিপা পটাত পিহি দৈৰ লগত মিহলাই খুৱালে তেজ হাগণি বন্ধ হয় ।

  ৩. চৰ্ম ৰোগ বা ছালৰ সংক্ৰমণত ইয়াৰ পাত পিহি দিনত তিনিবাৰ  লগালে কিছুদিনতে আৰোগ্য হয় ।

  ৪. টনচিল হলে ইয়াৰ পাত পিহি ডিঙিৰ বাহিৰত টনচিল থকা অংশ দুটাত লেপ দিলে আৰোগ্য হয় ।

  ৫. গইটাৰ বা গল উখহা ৰোগত পাত পিহি দিনে দুবাৰ প্ৰলেপ দিলে আৰোগ্য হয় ।

  ৬. ৩/৪ টা ইলাচী, ২ গ্ৰাম লাজুকীৰ শিপা,  ৩ গ্ৰাম শিমলুৰ ছালৰ লগত থেতেলী গুৰি কৰি এগিলাচ গাখীৰত মিহলাই ৰাতি শোৱাৰ আগত খালে নপুংশকতা বা ধ্বজভংগতা ভাল হয় ।

  ৭. ইয়াৰ পঞ্চাঙ্গ অৰ্থাৎ পাত, ফুল, শিপা, ছাল আৰু গুটি ৫ গ্ৰামকৈ লৈ স্টীলৰ বাচনত ৪০০ মি.লি. পানীত কম তাপত সিজাই ১০০ গ্ৰাম ৰৈ গলে চেকি পুৱা খালি পেটত কিছুদিন  খালে যিকোনো ধৰণৰ বৃক্ক ৰোগ আৰোগ্য হয়।

  ৮. ইয়াৰ শিপা আৰু বীজৰ গুৰি ৪ গ্ৰাম এগিলাচ গাখীৰত মিহলাই ৰাতি  একেৰাহে এমাহ খালে বীৰ্য ঘন আৰু বৃদ্ধি হোৱাৰ লগতে পুৰুষ কামনা শক্তি বাঢ়ে ।

  ৯. ইয়াৰ বীজ শুকুৱাই বনোৱা গুৰি দৈনিক ৰাতি ৩ গ্ৰামকৈ এগিলাচ গাখীৰত মিহলাই খালে দূৰ্বলতা নাইকিয়া হৈ শাৰীৰিক শক্তি বাঢ়ে ।

  ১০. কম বয়সতে ৰোগজনীত বা অইন কাৰণত মাইকী মানুহৰ স্তন শিথিল হলে ইয়াৰ শিপা আৰু অশ্বগন্ধাৰ শিপা সমান পৰিমাণে মিহলাই পাতলকৈ পিহি নিতৌ দুবাৰকৈ লেপ দি লাহে লাহে মালিচ কৰিলে শিথিলতা দূৰ হৈ স্তন শুডৌল হয় ।

  ১১. লাজুকীক বহুগুণী উদ্ভিদ বোলে । কটা ঘাঁত পিহি লগালে অতি সোনকালে ঘাঁ নিৰাময় কৰে ।

  ১২. অৰ্শ আৰু ভগন্দৰ ৰোগৰ ঘাঁত এক চামুচ শুকান  পাতৰ পাউডাৰৰ লগত গৰুৰ গাখীৰৰ মাখনেৰে মলম বনাই দিনত তিনি বাৰকৈ লগালে আৰোগ্য হয় ।

Monday, October 17, 2022

Plants of Assam | অসমৰ উদ্ভিদ | Medicinal plants of Assam | Jatropha curcas | ভেৰোনা বা বঙালী এৰা |


 

   অসমীয়া নাম - ভেৰোনা বা বঙালী এৰা ।

   ইংৰাজী নাম - Barbados nut.

   বৈজ্ঞানিক নাম - Jatropha curcas.


   বিৱৰণ :-  ই একপ্ৰকাৰৰ ঔষধি উদ্ভিদ । ইয়াৰ উচ্চতা প্ৰায় ১৫ ৰ পৰা ২০ ফুট পর্যন্ত হয় । এই গছজোপা সাধাৰণতে পানী কম পৰিমাণে জমা হোৱা আৰু ভালদৰে ৰ'দ পৰা ঠাইত বেছিকৈ হোৱা দেখা যায় । কিছুমান অঞ্চলত এই গছ জোপাক জীৱন্ত বেৰ হিচাপে ব্যৱহাৰ কৰে । প্রতিপালনৰ কৰাৰ দৰকাৰ নাই, কেৱল গুজ মাৰি দিলেই ই নিজে নিজে হয় । গছজোপা বতৰত ফুলা দেখা যায় । ফুলবোৰ সৰি গুটি ধৰে । এই গুটি যেতিয়া পূৰঠ হয় তেতিয়া তাৰ ভিতৰত পৰিমাণে তেল ওলাই । বৰ্তমান বৈজ্ঞানিক সকলে এই গুটিৰ পৰা ওলোৱা তেলৰ পৰা "জৈৱিক ডিজেল" (Bio-diesel)ৰ লগতে ইন্ধনজাত সামগ্ৰী, ম'মবাটি, ইত্যাদি প্ৰস্তুত কৰিছে আৰু তেল উলিওৱাৰ পাছৰ অৱশিষ্টবোৰ জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় । 


   ঔষধি গুণ :- এই গছৰ ছাল, পাত আদি থেতেলিয়াই তাৰ আঠাবোৰ উলিয়াই নাৰিকল তেলৰ লগত মিহলাই শৰীৰৰ যিকোনো অংশত হোৱা ফোঁহাৰ লগালে অতি সোনকালে ভাল হয় । 

                       দাঁতৰ যিকোনো সমস্যা যেনে - দাঁতৰ আলু ফুলা, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ বিষ হোৱা ইত্যাদি বেমাৰ হ'লে এই গছৰ ঠাৰি বা সৰু ডাল আনি অলপ চাফা কৰি আগটো চোবাই ব্ৰাছৰ দৰে বনাই দাঁত ঘঁহিলে দাঁতৰ সকলো ৰোগ নিৰাময় হয় । 

Saturday, October 15, 2022

Plants of Assam | অসমৰ উদ্ভিদ | Trumpet tree | ভাত ঘিলা | Medicinal plants of Assam


 


  অসমীয়া নাম - ভাত ঘিলা

  ইংৰাজী নাম - Trumpet tree

  বৈজ্ঞানিক নাম - Oroxylum indicum


 বিৱৰণ - ই এক প্ৰকাৰৰ বৃক্ষ জাতীয় উদ্ভিদ । ইয়াৰ উচ্চতা প্ৰায় ১৮ মিটাৰতকৈ বেছি হয় । এই গছৰ কুমলীয়া পাত আঞ্জা বনাই খাব পাৰি আৰু ইয়াৰ ফুলৰ ভিতৰত থকা কেশৰবোৰ গুচাই বাকী অংশ বিভিন্ন ধৰণে জুতি লগাই খাব পাৰি । এই ফুল ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি যায় । ফুলবোৰ খাবলৈ অলপ তিতা যদিও অত্যন্ত তেলী হয় । এই গছৰ বাকলি, পাত, ফুল আৰু বীজ আদি সকলোবোৰ ঔষধি গুণসম্পন্ন ।এই গছৰ বীজ ডাঙৰ দীঘল নাও আকৃতিৰ হয় । বীজবোৰৰ ভিতৰত বগা কাগজৰ দৰে অসংখ্য বীজ থাকে । খৰালি সময়ত বীজবোৰ পকী সৰিলে সেই বগা কাগজৰ দৰে বীজবোৰ বতাহত পখিলাৰ দৰে উৰি সিঁচৰতি হৈ যায় । আৰু পুনৰ সেই বীজ বোৰৰ পৰাই পুলি ওলায় ।


 ঔষধি গুণ - এই গছৰ বাকলি ভালদৰে গুচাই খুন্দি তাৰ ৰস উলিয়াই ৰাতিপুৱা খালি পেটত এগিলাছ কৰি খালে জণ্ডিচ ভাল হয় । 

              এই গছৰ বাকলি ভালদৰে খুন্দি ৰ'দত শুকুৱাই পাছত চাহৰ দৰে খালে বহুমূত্ৰ ৰোগ, গেষ্ট্ৰিক কেন্সাৰ ৰোগ ভাল হয় । 

              এই গছৰ বীজ মূৰ কামোৰণিৰ বাবে মহৌষধ ।

             ভাত ঘিলা গছৰ পাত, আৰু ফুল শৰীৰৰ বাবে বৰ উপকাৰী ।

Plants of Asaam | অসমৰ উদ্ভিদ | Apsaragus | শতমূল | Medicinal plants of Assam


 


 অসমীয়া নাম - শতমূল 

 ইংৰাজী নাম - Asparagus

 বৈজ্ঞানিক নাম- Asparagus racemosus, 


  শতমূল এবিধ কাঁইটীয়া লতাজাতীয় গছ । বাৰিষা কালত উপজি খৰালি এইবিধ গছ নিশ্চিহ্ন হৈ মৰি যায় । কিন্তু শিপা সজীৱ হৈ থাকে বাবে বাৰিষা আকৌ লহপহকৈ বাঢ়ি আহে । দৰবৰ বাবে ইয়াক ঘৰৰ চৌহদত ৰোপন কৰি সংৰক্ষণ কৰা হয় । ইয়াৰ শিপা ৰসাল আৰু মঙহাল। শিপাৰ ৰস মিঠা আৰু তিতা সোৱাদ যুক্ত ।

 ঔষধী গুণ সমূহ-

  কেনচাৰৰ বাবে শতমূলঃ শতমূলৰ বিভিন্ন পোষক তত্বৰ ভিতৰত গ্লুটাথিওন (glutathione)অন্যতম । শতমূলৰ পৰ্যাপ্ত গ্লুটাথিওন এবিধ ডিটক্সিফাইং (detoxifying)যৌগ যি কেনচাৰ কোষ মাৰিব পাৰে ।গ্লুটাথিওনে আমাৰ প্ৰতিৰক্ষা শক্তি (immunity power) বৃদ্ধি কৰে । শতমূলত আহাৰ্য ফলেট যথেষ্ট থাকে । যাৰ সেৱনে অন্ত্ৰ (colon), পেট, অগ্নাশয় (pancreatic) আৰু গ্ৰীবা (carvical) কেনচাৰ প্ৰতিৰোধ কৰে । মহিলা সকলৰ আহাৰত পৰ্যাপ্ত ফলেট নাথাকিলে স্তন কেনচাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে । দৈনিক শতমূল সেৱন কৰি কেনচাৰ প্ৰতিৰোধ কৰিব পাৰি।

  ডাইবেটিচঃ শতমূল ৰক্ত শৰ্কৰা কম কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি । শতমূল টাইপ-২ ডাইবেটিচ নিয়ন্ত্ৰনত সহায় কৰে । শতমূলত ক্ৰমিয়াম খনিজ থাকে।যি তেজৰ শৰ্কৰা নিয়ন্ত্ৰনত সহায় কৰে । উচ্চৰক্তচাপ ৰোগীৰ বাবে শতমূল সেৱন লাভ দায়ক ।

  অৱসাদ বা ডিপ্ৰেচনঃ আজিকালি বহুলোকেই অৱসাদ আৰু মানসিক ৰোগত ভোগা দেখা যায় ।মস্তিষ্কত হোমোচাইস্টিন (Homocystein) বৃদ্ধি পালে এনে উপসৰ্গ বোৰ শৃস্টি হয় । শতমূলত থকা ফলেটে হোমোচাইস্টিনৰ উৎপত্তি নিয়ন্ৰন কৰি অৱসাদ কম কৰে । হোমোচাইস্টিনে ৰক্ত আৰু আন জৰুৰী তত্ব সমূহক মস্তিষ্কত যোৱাত অৱৰোধ শৃস্টি কৰে । যাৰ ফলত চেৰোটোনিড, ডোপামাইন, নোৰেপিনেফ্ৰাইন আদি ভাল হৰমনৰ উৎপাদন কমি যায় । যি বোৰ হৰমনে মুড, নিদ্ৰা, ক্ষুধা আৰু হোমোচাইস্টিন আদিক নিয়ন্ত্ৰন কৰে । শতমূল সেৱন কৰিলে এই সকলোবোৰ সমস্যাৰ সম্ভাৱনা কমি যায় । শতমূল সুস্থ মস্তিষ্কৰ বাবে লাভজনক ।

  হৃদ স্বাস্থ্যঃ হৃদয় সুস্থ ৰাখিবলৈ শতমূল সেৱন কৰিব লাগে । ই হৃদয়ৰ কেইবাটাও বিকাৰ দূৰ কৰিবলৈ সক্ষম । শতমূলত ভিটামিন বি প্ৰচুৰ পৰিমানে থাকে । যি হোমোচিস্টিন নিয়ন্ত্ৰন কৰে । হিমোচিস্টিন নিৰ্দিষ্ট মাত্ৰাতকৈ বেছি হলে ৰক্তবাহিকা সমূহৰ ক্ষতি সাধন কৰে । মাত্ৰাধিক হোমোচিস্টিনে হৃদযন্ত্ৰৰ সমস্যা শৃষ্টি কৰিব পাৰে আৰু কৰনেৰী ধমনী (coronary artery) ৰোগৰ কাৰন হব পাৰে । শতমূলে এইবোৰ সমস্যা দূৰ কৰে।

  পাচনঃ শতমূল পৌষ্টিক হোৱাৰ উপৰিও পাচন ক্ৰিয়া শক্তিশালী কৰাত সহায় কৰে । শতমূলত থকা ইন্যুলিন (inulin) একপ্ৰকাৰৰ কাৰ্বহাইড্ৰেট । যি আমাৰ পেটত থকা বন্ধু বেক্টেৰীয়া লেক্টোবেচিলৰ পোষণ কৰে ।শতমূলে অন্ত্ৰ আৰু পাকস্থলীৰ কাৰ্যক্ষমতা বঢ়োৱাৰ কাম কৰে । শতমূল সেৱন কৰিলে পেটফুলা, কোষ্ঠকাঠিন্য দূৰ হয় । ইয়াৰ পৰ্যাপ্ত ফাইবাৰে পাচন উন্নত আৰু সঠিক কৰে ।

  মুত্ৰ সম্বন্ধীয় ৰোগঃ মুত্ৰৰোগ আৰু মুত্ৰ অংগৰ সমস্যা থাকিলে নিয়মিত শতমূল খাব লাগে । শতমূলত থকা এমিন এচিড প্ৰাকৃতিক মুত্ৰ বৰ্ধক । ইয়াৰ সেৱনে মুত্ৰপথৰ সংক্ৰমন দূৰ কৰে । 

  গৰ্ভাৱস্থাত শতমূলঃ গৰ্ভাৱস্থাত হোৱা সংক্ৰমনে গৰ্ভস্থ ভ্ৰুণো সংক্ৰমিত কৰিব পাৰে । স্বাস্থ্যৱান সন্তান জন্ম দিবলৈ মাতৃ গৰাকী সুস্থ থকা প্ৰয়োজন । গৰ্ভৱতী মাতৃক নিয়মিত শতমূল সেৱন কৰাব লাগে । শতমূলৰ এন্টিঅক্সিডেন্টে মহিলা গৰাকীক   সাম্ভাব্য সংক্ৰমনৰ পৰা ৰক্ষা কৰে । শতমূলৰ ফলেটে তন্ত্ৰিকা নলী সুস্থ ৰাখে । ফলেট, ভিটামিন বি-১২ আৰু ভিটামিন চিৰ লগত মিলি নতুন প্ৰটীণ শৃষ্টিত সহায় কৰে । লগতে ফলেটে হিমগ্লবিন আৰু ডি এন এ ৰো আংশিক উৎপাদন কৰে। সেয়ে গৰ্ভৱতী মহিলাৰ বাবে শতমূল লাভদায়ক ।

  ওজন কমোৱাঃ শতমূলত ফেট আৰু কেলৰি অতি কম মাত্ৰাত থাকেবা। লগতে প্ৰচুৰ দ্ৰৱনীয় আৰু অদ্ৰৱনীয় ফাইবাৰ মজুত থাকে । শৰীৰৰ ওজন কমাব খুজিলে শতমূল সেৱন কৰিব লাগে । ই কলেস্টৰেল কমায় ।

  এন্টি অক্সিডেন্টঃ শতমূলত প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে । ইয়াত এন্থোকাইনিন (anthocynin) অধিক মাত্ৰাত থাকে । এই এন্থোকাইনিন এন্টিঅক্সিডেন্টে আমাৰ শৰীৰক সংক্ৰমনৰ পৰা ৰক্ষা কৰে আৰু শৰীৰৰ সংক্ৰমন প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

  বাৰ্ধক্য প্ৰতিৰোধঃ শতমূলৰ গ্লুটাথিওন এন্টিঅক্সিডেন্টে বাৰ্ধক্য প্ৰতিৰোধ কৰে । শতমূলৰ ফলেট আৰু ভিটামিন বি-১২ এও বাৰ্ধক্য প্ৰতিৰোধ বা বিলম্বিত কৰে ।

  চৰ্ম স্বাস্থ্যঃ ছাল স্বস্থ্য আৰু উজ্জল কৰিবলৈ নিয়মিত শতমূল খাওক । ইয়াৰ গ্লুটাথিওনে সূৰ্যৰ প্ৰভাৱ আৰু প্ৰদূষণৰ পৰা ছালক সুৰক্ষা দিয়ে । ইয়াৰ সেৱনে ছালৰ আৰ্দ্ৰতা অক্ষুন্ন ৰাখে । ছালৰ দাগ কম কৰাত সহায় কৰে ।

  বৃক্ক পাথৰিঃ শতমূল প্ৰাকৃতিক মুত্ৰ বৰ্ধক । ই আমাৰ শৰীৰৰ পৰা অপ্ৰয়োজনীয় লবন আৰু হানিকাৰক তৰল পদাৰ্থ পেচাবৰ দ্বাৰা নিৰ্গমন কৰায় । যি এডিমা আৰু উচ্চৰক্তচাপ ৰোগীৰ বাবেও লাভদায়ক । লগতে ই বৃক্কত সঞ্চিত হোৱা হানিকাৰক পদাৰ্থ সমূহৰ নিষ্কাষণত সহায় কৰে । এই দৰে বৃক্কপাথৰি ৰোগীৰ উপচাৰৰ বাবে শতমূল লাভদায়ক ।

শতমূল উচ্চমানৰ ফলিক এচিড আৰু পটাচিয়ামৰ উৎস । ইয়াত ডায়েট্ৰি ফাইবাৰ, ভিটামিন এ, চি, ডি, বি৬, বি১২, চডিয়াম, কেলচিয়াম, মেগনেচিয়াম, কাৰ্বহাইড্ৰেট, শৰ্কৰা, আইৰণ,প্ৰটীন পোৱা যায় । 

ইয়াৰ উপৰিও শতমূলে এচিডিটি, শাৰিৰীক দুৰ্বলতা, বিষ, ডাইৰীয়া, গ্ৰহনী আৰু শৰীৰৰ প্ৰদাহ দূৰ কৰে । পাইল্চ আৰু টিউমাৰ নিৰাময় কৰে । দৃষ্টি শক্তি ভালে ৰাখে আৰু তেজৰ যিকোনো সমস্যা নিৰাময় কৰে । স্নায়ু সবল ৰাখে । শতমূল লিভাৰ , কিডনী আৰু গনোৰীয়া ৰোগ উপশম কাৰী । হজম শক্তি বঢ়ায় । ঋতুস্ৰাৱ আৰু জৰায়ূৰ অসুস্থতাৰ  বাহিৰেও লিকোৰিয়া বা বগাস্ৰাৱ নিৰাময় কৰে । ই যৌৱন বৃদ্ধি কৰা ধৰি ৰখা ৰসায়ন । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । অনিদ্ৰা দূৰ কৰে । প্ৰসুতিৰ গাখীৰ নোহোৱা হলে ই গাখীৰ বৃদ্ধি কৰে ।

Plants of Assam | অসমৰ উদ্ভিদ | Medicinal plants of Assam | Caesalpiniaceae | খৰ পাত বা মেডেলুৱা


 

অসমীয়া নাম - মেডেলুৱা, খৰ পাত

ইংৰাজী নাম -  Caesalpiniaceae

বৈজ্ঞানিক নাম - Senna alata


 বিৱৰণ - এই খৰ পাত বা মেডেলুৱা হৈছে এক প্ৰকাৰৰ গুল্ম জাতীয় উদ্ভিদ । এই গছ ৩ ৰ পৰা ৫ ফুট পৰ্যন্ত ওখ হয় । এই উদ্ভিদ সাধাৰণতে বাম ওখ ঠাইত হয় । 


 ঔষধি গুণ - মানুহৰ গাত খৰ হলে এই গছৰ পাত দুখিলামান ভালকৈ ধুই পিহি খৰ হোৱা ঠাইত কিছুদিন লগালে সোনকালে ভাল হয় । সুবিধা অনুসৰি আপোনালোকে এই পাত পিহি তাৰ লগত দুটামান জালুক বতি তাৰ লগত মহিলাই লব পাৰে ।

  খৰ হোৱা ঠাইত এই গছৰ পাত থেতেলিয়াই পিহি তাৰ ৰস উলিয়াই নাৰিকল তেল অথবা কাপোৰত দিয়া কপুৰ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি খৰ হোৱা ঠাইডোখৰ বাঁহৰ চোচেৰে ভালকে খোজোঁৱাই ওপৰৰ পাতল তৰপতো আঁতৰাই তৈয়াৰ কৰা মিশ্ৰণটো লগালে কম দিনৰ ভিতৰতে ভাল হয় ।

PLants of Assam | অসমৰ উদ্ভিদ | Water chestnut | Medicinal plants of Assam


 


অসমীয়া নাম= চেঁচো,

ইংৰাজী নাম= Water chestnut,

বৈজ্ঞানিক নাম= Eleocharis dulcis,

গোত্ৰ= Cyperaceae,

বিবৰণ= ই এবিধ দ' বা পানী জমা হোৱা পথাৰ পুখুৰী আদিত হোৱা একবৰ্ষিয় কিন্তু মাটিৰ তলত হোৱা আলুৰ পৰা পুনৰ পুনৰ হৈ থকা উদ্ভিদ ।


ইয়াৰ আলু কেঁচাই বা পুৰি বা ভাজি যিকোনো উপায়েৰে খাব পাৰি, আৰু এই আলুৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুতকাৰি কোম্পানীয়ে শিশু খাদ্যও প্ৰস্তুত কৰে ।


ঔষধি গুণ= পেটচলা আৰু বমিৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ।


এই উদ্ভিদৰ প্ৰতি এশ গ্ৰাম আলুত থকা পুষ্টিকৰ উপাদান সমুহ এনেধৰণৰ হয় ।


Energy= 97 kcal

Carbohydrates= 23.94 g

Sugars= 4.8 g

Dietary fiber= 3 g

Fat= 0.1 g

Protein= 1.4 g

Thiamine(B1)= 0.14 mg

Riboflavin(B2)= 0.2 mg

Niacin(B3)= 1 mg

Pantothenic acid(B5)= 0.479 mg

Vitamin(B6)= 0.328 mg

Folate(B9)= 16 micro.g

Vitamin(C)= 4 mg

Vitamin(E)= 1.2 mg

Calcium= 11 mg

Iron= 0.06 mg

Magnesium= 22 mg

Manganese= 0.331 mg

Phosphorus= 63 mg

Potassium= 584 mg

Zinc= 0.5 mg

Water= 73.5 g

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

  অসমীয়া নাম - আমলখি / আমলা ইংৰাজী নাম - Indian gooseberry বৈজ্ঞানিক নাম - Phyllanthus emblica   বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ...