Monday, October 17, 2022

Plants of Assam | অসমৰ উদ্ভিদ | Medicinal plants of Assam | Jatropha curcas | ভেৰোনা বা বঙালী এৰা |


 

   অসমীয়া নাম - ভেৰোনা বা বঙালী এৰা ।

   ইংৰাজী নাম - Barbados nut.

   বৈজ্ঞানিক নাম - Jatropha curcas.


   বিৱৰণ :-  ই একপ্ৰকাৰৰ ঔষধি উদ্ভিদ । ইয়াৰ উচ্চতা প্ৰায় ১৫ ৰ পৰা ২০ ফুট পর্যন্ত হয় । এই গছজোপা সাধাৰণতে পানী কম পৰিমাণে জমা হোৱা আৰু ভালদৰে ৰ'দ পৰা ঠাইত বেছিকৈ হোৱা দেখা যায় । কিছুমান অঞ্চলত এই গছ জোপাক জীৱন্ত বেৰ হিচাপে ব্যৱহাৰ কৰে । প্রতিপালনৰ কৰাৰ দৰকাৰ নাই, কেৱল গুজ মাৰি দিলেই ই নিজে নিজে হয় । গছজোপা বতৰত ফুলা দেখা যায় । ফুলবোৰ সৰি গুটি ধৰে । এই গুটি যেতিয়া পূৰঠ হয় তেতিয়া তাৰ ভিতৰত পৰিমাণে তেল ওলাই । বৰ্তমান বৈজ্ঞানিক সকলে এই গুটিৰ পৰা ওলোৱা তেলৰ পৰা "জৈৱিক ডিজেল" (Bio-diesel)ৰ লগতে ইন্ধনজাত সামগ্ৰী, ম'মবাটি, ইত্যাদি প্ৰস্তুত কৰিছে আৰু তেল উলিওৱাৰ পাছৰ অৱশিষ্টবোৰ জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় । 


   ঔষধি গুণ :- এই গছৰ ছাল, পাত আদি থেতেলিয়াই তাৰ আঠাবোৰ উলিয়াই নাৰিকল তেলৰ লগত মিহলাই শৰীৰৰ যিকোনো অংশত হোৱা ফোঁহাৰ লগালে অতি সোনকালে ভাল হয় । 

                       দাঁতৰ যিকোনো সমস্যা যেনে - দাঁতৰ আলু ফুলা, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ বিষ হোৱা ইত্যাদি বেমাৰ হ'লে এই গছৰ ঠাৰি বা সৰু ডাল আনি অলপ চাফা কৰি আগটো চোবাই ব্ৰাছৰ দৰে বনাই দাঁত ঘঁহিলে দাঁতৰ সকলো ৰোগ নিৰাময় হয় । 

No comments:

Post a Comment

Plants of Assam | অসমৰ ঔষধি উদ্ভিদ | Medicinal plants of Assam | আমলখি | Indian gooseberry

  অসমীয়া নাম - আমলখি / আমলা ইংৰাজী নাম - Indian gooseberry বৈজ্ঞানিক নাম - Phyllanthus emblica   বিৱৰণ:- ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ...